Assam Board Exam

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান || অসমীয়া ৰচনা || Assamese Essay

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান || অসমীয়া ৰচনা || Assamese Essay || Assam Board Exam

Contribution of Science


আৰম্ভণি:    

বৰ্তমান বিজ্ঞানৰ যুগ। আজি আমি প্ৰতিটো খোজতেই বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল। লিখা কলমটোৰ পৰা ছুপাৰ কম্পিউটাৰ, ইণ্টাৰনেটলৈকে সকলোৱেই বৈজ্ঞানিক আৱিষ্কাৰৰ ফল। প্ৰকৃততে মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ দিনবোৰত যিদিনাই জুইৰ আৱিষ্কাৰ হ’ল, সেইদিনাই বিজ্ঞানৰ জয়যাত্ৰা আৰম্ভ হ’ল আৰু ক্ৰমান্বয়ে বিজ্ঞানে মানৱজাতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰিলে। বিজ্ঞানে আমাৰ জীৱনলৈ সুবিধা কঢ়িয়াই আমাৰ জীৱন উপভোগ্য কৰি তুলিছে।

দৈনন্দিন জীৱন আৰু বিজ্ঞান:

মানৱ জীৱনত বিজ্ঞানৰ অৱদান অপৰিসীম। বিজ্ঞান অবিহনে আজিৰ জীৱন কল্পনা কৰিব নোৱৰি। ৰাতিপুৱা শুই উঠাৰ পৰা নিশা নিদ্ৰাৰ কোলাত ঢলি পৰাৰ মুহূৰ্তলৈকে প্ৰতি মুহূৰ্ততে আমি বিজ্ঞানসৃষ্ট সামগ্ৰীৰ লগতেই জড়িত হৈ থাকো। দৈনন্দিন জীৱনত ৰন্ধাবঢ়াৰ বাবে এল. পি. জি. ; হিটাৰ; আহাৰৰ বাবে বাচন-বৰ্তন; সুখ- স্বাচ্ছন্দ্যৰ বাবে ফেন, এয়াৰ কুলাৰ; অন্ধকাৰ দূৰ কৰিবৰ বাবে বিদ্যুৎ; যোগাযোগৰ বাবে টেলিফোন; যাতায়তৰ বাবে মটৰ গাড়ী, উৰাজাহাজ, ৰেলগাড়ী- প্ৰতিটো বস্তু বিজ্ঞানৰেই দান। মোবইল, ইণ্টাৰনেটৰ প্ৰয়োগৰ ফলত পৃথিৱীখন যেন এখন সৰু গাঁৱলৈ ৰূপান্তৰ হৈছে। আজি মহামাৰী বা বিভিন্ন ৰোগ মানুহৰ আতংকৰ কাৰণ নহয়। বিবিধ ঔষধ সৃষ্টিৰে বিজ্ঞানে ৰোগৰ প্ৰতিৰোধ গ্ঢ়ি উঠিছে। বিজ্ঞানৰ প্ৰগতিৰ ফলতে চিকিৎসা ক্ষেত্ৰলৈ বিশেষ পৰিবৰ্তন আহিছে, যাৰ বাবে দূৰাৰোগ্য ৰোগৰ চিকিৎসাও সম্ভৱ হৈছে। বিজ্ঞানৰ প্ৰভাৱত মানুহৰ অনুসন্ধিৎসা বৃদ্ধি পাইছে। মানুহে পৃথিৱীৰ বাহিৰৰ জগতৰ অৰ্থাৎ মহাকাশৰ ৰহস্য ভেদ কৰিবলৈ কিছু পৰিমাণে সমৰ্থ হৈছে। দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰয়োগৰ ফলত কৃষিৰ ক্ষেত্ৰত ন ন প্ৰযুক্তি ব্যৱহাৰ কৰিব পৰা গৈছে। মুঠতে পৰিধি নথকা বিশাল অৱদানেৰে বিজ্ঞানে মানুহৰ জীৱনৰ প্ৰতিটো পদক্ষেপতে ভূমিকা লৈ মানৱ সভ্যতাক বহু ওপৰলৈ লৈ গৈছে।

বিজ্ঞানৰ ক্ষতিকাৰক দিশ:       

বিজ্ঞানৰ সু-প্ৰভাৱে মানুহৰ অনেক স্বাচ্ছন্দ্য, আৰাম, গতি, নিশ্চয়তা আৰু নিৰাপত্তা আনি দিছে যদিও বিজ্ঞানে অপকাৰো কৰিছে যথেষ্ঠ। মানুহ অত্যাধিক যন্ত্ৰনিৰ্ভৰ হৈ পৰিছে। দৈহিক-মানসিক শক্তি ভৱিষ্যতে কমি যোৱাৰ আশংকা প্ৰকট হৈ পৰিছে। বহু চেনেলযুক্ত দুৰদৰ্শন,বিভিন্ন অস্ত্ৰ-শস্ত্ৰ, পাৰমানৱিক বোমা, বিভিন্ন ৰাগিয়াল দ্ৰৱ্য, মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰে সমাজ জীৱনৰ প্ৰতি ভাবুকি আনিছে। সহজ সৰল মানুহৰ জীৱনত কৃত্ৰিম সভ্যতাই মূৰ দাঙি উঠিছে। বিজ্ঞানৰ অত্যাধিক সুবিধা লাভ কৰি মানুহ হৈ পৰিছে আত্মকেন্দ্ৰিক। তদুপৰি বিজ্ঞানৰ বিধ্বংসী ৰূপ মানুহৰ জীৱনত অভিশাপ হৈ পৰিছে। সবাতোকৈ উদ্বেগজনক ৰূপ লৈছে বিজ্ঞানসৃষ্ট সামগ্ৰীৰ প্ৰদুষণে। প্ৰদুষণে সমগ্ৰ পৃথিৱীৰ জীৱনলৈ বিপদ মাটি আনিছে।

সামৰণি:     

সকলো বস্তুৰে ভাল-বেয়া দুটা দিশ থাকে। জীৱশ্ৰেষ্ঠ মানৱে ভাল দিশটো বাচি লোৱাটোৱে কৰ্ত্যব। বিজ্ঞান অবিহনে আমাৰ জীৱন অচল যদিও তাৰ প্ৰয়োগত সচেতন হোৱাটো জৰুৰী। বিজ্ঞানৰ সুফলে যাতে সমাজৰ সকলো স্তৰৰ লোকক স্পৰ্শ কৰিব পাৰে, তাৰ প্ৰতি দৃষ্টি ৰখাটো আমাৰ সকলোৰে কৰ্ত্যব। অন্যথা পৃথিৱীও এদিন চন্দ্ৰ বা মংগলৰ দৰে প্ৰাণহীন ভূমিখণ্ডলৈ ৰূপান্তৰিত হ’ব।


For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment