Assam Board Exam

বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতা | Assamese Essay on Advantages and Disadvantages of Science

অসমীয়া ৰচনা – বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতা – বিজ্ঞানৰ উপকাৰিতা, বিজ্ঞানৰ অপকাৰিতা, সম্পৰ্কে বিস্তৃত আলোচনা। Assamese Essay on Advantages and Disadvantages of Science Essay


আৰম্ভণি:

বিশ্বৰ সকলো কার্য, সকলো প্রক্রিয়াৰে সুসংবদ্ধ বিধি আছে, আৰু সেই প্রক্রিয়া বা বিধিৰ প্রণালীবদ্ধ জ্ঞানেই হ’ল বিজ্ঞান। বর্তমান যুগ বিজ্ঞানৰ যুগ। বিজ্ঞানে আমাৰ জীৱন পদ্ধতি, চিন্তা-চর্চা আদি সকলোতে প্রভাৱিত কৰিছে। বিজ্ঞান বাদ দি বর্তমানৰ মানুহে জীৱনৰ কোনো দিশতে খোজ দিব নোৱাৰে। ই মানৱ সভ্যতাৰ অগ্রগতিৰ অনবদ্য আহিলা। তথাপিও মানৱ প্ৰগতিৰ আহিলা হোৱাৰ সমান্তৰালভাৱে বিজ্ঞানৰ কিছুমান অপকাৰী দিশো নথকা নহয়। তলত এটি চমু বিশ্লেষণ দাঙি ধৰা হল।


 বিজ্ঞানৰ উপকাৰিতা:

বিজ্ঞান হৈছে মানৱ প্রগতিৰ মূলমন্ত্র। বিজ্ঞানৰ জয় মাত্রাই মানুহক সভ্যতাৰ চূড়ান্ত শিখৰত উপনীত কৰাইছে। গতিকে বিজ্ঞানৰ উপকাৰী দিশো সীমাহীন। বিজ্ঞানৰ বলতে মানুহে বিভিন্ন ধৰণৰ যান-বাহন, ৰেল, জাহাজ, উৰাজাহাজ আদি আৱিষ্কাৰ কৰি যাতায়াত ব্যৱস্থা অধিক সূচল কৰি তুলিলে, যাৰ ফলত গোটেই পৃথিৱীখনকে সহজে পৰিভ্রমণ কৰিব পৰা হল। যোগাযোগৰ ক্ষেত্ৰত টেলিগ্রাম, টেলিফোন, ছপাশাল, ৰেডিঅ’, টেলিভিশ্যন আদিৰ উপৰিও বর্তমান যুগৰ মোবাইল ফোন, কম্পিউটাৰ, ইন্টাৰনেট আদিয়ে মুহুর্ততে পৃথিৱীৰ যিকোনো ঠাইৰ মানুহৰ লগত যোগাযোগ সম্ভৱ কৰি তুলিছে। বিজুলি বাতিৰ আৱিষ্কাৰে গোটেই পৃথিৱী খনকে পোহৰাই তোলাৰ লগতে বিভিন্ন ধৰণৰ কল-কাৰখানা, উদ্যোগ আদি প্রতিষ্ঠা হোৱাত সহায়ক হ’ল। কৃষিৰ ক্ষেত্ৰটো অনেক যন্ত্রপাতি, কীট নাশক দ্রব্য, ৰাসায়নিক সাৰ আদিৰ আৱিষ্কাৰে মানুহৰ শ্রম লাঘৱ কৰাৰ উপৰিও উৎপাদন বৃদ্ধিত অৰিহণা যোগাইছে। চিকিৎসা বিজ্ঞানৰ অভূতপূর্ব উন্নতিৰ ফলত বহুতো দুৰাৰোগ্য ব্যাধি নিবাৰণ আৰু নিৰাময় কৰিবলৈ সক্ষম হোৱাৰ লগতে মানুহৰ গড় আয়ুস বৃদ্ধি হৈছে। তাৰোপৰি আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত আটাইবোৰ বস্তু বিজ্ঞানৰ আৱিষ্কাৰৰ ফল। ৰন্ধন গেছ, ফ্রিজ, ফেন, এয়াৰ কুলাৰ, হিটাৰ, কাপোৰ ধোঁৱা মেজিন আদি অনেক সা-সামগ্ৰীয়ে মানুহৰ জীৱন আৰাম-দায়ক আৰু উন্নত কৰি তুলিছে। এইবোৰৰ উপৰিও বিজ্ঞানে দিছে আমাক সৃষ্টিৰ তত্ত্ব, নৃতাত্বিক ঐতিহাসিক জ্ঞান, বিশ্ববিধান, দিন- ৰাতিৰ আৱিভাৱ আৰু গ্রহ-নক্ষত্ৰৰ ৰহস্যৰ সন্ধান। ৰকেটেৰে মানুহে মহাকাশত বিচৰণ কৰিছে, জোনৰ বুকুত ভৰি দিছে, আনকি অন্যান্য গ্রহৰ বুকুতো খোপনি পুতিবলৈ প্রয়াস কৰিছে। বিজ্ঞানৰ সুক্ষ্ম দৃষ্টিৰ আগত এতিয়া আৰু একো বস্তুবে অদৃশ্য হৈ থকা নাই। এই আটাইবোৰ হৈছে মানৱজাতিৰ বাবে বিজ্ঞানৰ উপকাৰী দিশ, অন্য ভাষাত বিজ্ঞান মানৱ জাতিৰ বাবে আশীর্বাদ স্বৰূপ ।


বিজ্ঞানৰ অপকাৰিতা:

বিজ্ঞানৰ উপৰোক্ত উপকাৰিতা সমূহৰ সমান্তৰালভাবে বহুতো অপকাৰী দিশো নথকা নহয়। কিছু কিছু ক্ষেত্রত বিজ্ঞান মানৱজাতিৰ বাবে হৈ পৰিছে অভিশাপ স্বৰূপ। ইয়াৰ অপকাৰী দিশবোৰে মানুহৰ মনত উদ্বেগ সৃষ্টি কৰিছে।

প্রথমতে, বিজ্ঞানৰ বলতে আজিৰ মানৱে বিভিন্ন মাৰণাস্ত আৱিষ্কাৰ কৰিছে, যিবোৰে ক্ষন্তেকতে মানৱজাতিক নিঃশেষ কৰিব পৰা ক্ষমতা আছে। দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকাই এটম ব’ম নিক্ষেপ কৰি জাপানৰ দুখন চহৰ ধ্বংসস্তুপত পৰিণত কৰাটোৱে তাৰ জ্বলন্ত উদাহৰণ।

দ্বিতীয়তে, বিভিন্ন ধৰণৰ কল-কাৰখানা, গাড়ী-মটৰৰ সংখ্যা বৃদ্ধিৰ ফলত প্রকৃতিৰ ভাৰসাম্যতা হ্রাস পাইছে। মাটি, পানী, বায়ু প্রদূষণৰ লগতে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেও পৰোক্ষভাৱে বিজ্ঞানেই অৰিহণা যোগাইছে।

তৃতীয়তে, বিজ্ঞানৰ বলতে চিকিৎসা পদ্ধতি যথেষ্ট  উন্নত হৈছে যদিও ৰোগ আৰু ৰোগীৰ সংখ্যা বৃদ্ধিৰ কাৰণো বিজ্ঞানেই। উদাহৰণ স্বৰূপে ক’ব পাৰি কৃষি পদ্ধতিত প্রয়োগ কৰা মাৰাত্মক কীটনাশক দ্রব্যৰ প্রয়োগে মানুহৰ স্বাস্থ্য, বতাহ, পানী, মাটি আদি সকলোতে ক্ষতিসাধন কৰিছে।

চতুৰ্থতে, বিজ্ঞানৰ সৃষ্টি কিছুমান বস্তু যেনে- মোবাইল ফোন, টি.ভি, কম্পিউটাৰ আদিত মানুহ অতিমাত্রা আসক্ত হৈ পৰিছে, যাৰ ফলত মানুহৰ শাৰীৰিক, মানসিক দুয়ো দিশত ক্ষতিসাধন কৰাৰ উপৰিও সময়ৰ অপব্যৱহাৰ, কর্মবিমুখ, অপাৰাধমূলক প্রবণতা বৃদ্ধি আদি কুপ্ৰভাৱে সমাজ ছানি ধৰিছে। এইবোৰৰ উপৰিও বিজ্ঞানৰ আন বহুতো অপকাৰী দিশ আছে


সামৰণি

বিজ্ঞানে মানুহৰ আদিম অৱস্থাৰ কষ্টকৰ জীৱনৰ অৱসান ঘটাই সভ্যতাৰ জখলাত উধাবলৈ সহায় কৰিছে। ই আমাৰ জ্ঞানৰ পৰিধিৰ বিকাশ ঘটাইছে। সমাজত প্রচলিত অন্ধ-বিশ্বাস, কু-সংস্কাৰ আদি আঁতৰাই নতুন দৃষ্টিভঙ্গী গঢ়ি তোলাত সহায় কৰিছে। বিজ্ঞান এটি শক্তি মাথো। ইয়াৰ উপকাৰ আৰু অপকাৰ নিৰ্ভৰ কৰে প্ৰয়োগকাৰীৰ ইচ্ছাশক্তি আৰু জ্ঞানৰ ওপৰত। গতিকে বিজ্ঞানৰ আৱিষ্কাৰ সমূহৰ সৎ আৰু যথাযথ ব্যৱহাৰ কৰি তাৰ সুফল সমূহ গ্ৰহণ কৰিবলৈ চেষ্টা কৰাটোহে মানৱ সমাজৰ কৰণীয়।


অসমীয়া ৰচনা – বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতা – বিজ্ঞানৰ উপকাৰিতা, বিজ্ঞানৰ অপকাৰিতা, সম্পৰ্কে বিস্তৃত আলোচনা। Assamese Essay on Advantages and Disadvantages of Science Essay


For More details check our Youtube Channel Assam Board Exam

Find the list of Essays : Click Here

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment