Assam Board Exam

পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্রতিকাৰ | Assamese Essay on Environmental Pollution and Its Solution

অসমীয়া ৰচনা – পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্রতিকাৰ। প্ৰদূষণৰ কাৰণ, প্ৰভাৱ আৰু ইয়াক নিয়ন্ত্ৰণ কৰাৰ উপায় সম্পৰ্কে বিস্তৃত আলোচনা। Assamese Essay on Environmental Pollution and Its Solution


আৰম্ভণিঃ

সমগ্র বিশ্বব্রহ্মাণ্ডৰ ভিতৰত একমাত্র পৃথিৱীতেই জীৱজগত আছে। এই জীৱজগতত তিষ্ঠি থাকিবলৈ হ’লে পৃথিৱীৰ পৰিবেশ জীৱৰ অনুকূলে থকাটো প্রয়োজনীয়। পৰিৱেশ বুলিলে সাধাৰণতে  বায়ু, পানী, মাটি, সূর্য, জলীয় বাষ্প, বিভিন্ন প্ৰকাৰৰ গেছ, উদ্ভিদ, প্রাণী এই সকলোবোৰ সু – শৃংখলিত ভাৰাসাম্যকে বুজায়। যেতিয়া বিভিন্ন কাৰণত ভাৰাসাম্য বিনষ্ট হয় বা জীৱকুলৰ ওপৰত প্রতিকূল প্রভাৱ পেলাব পৰা পৰিবর্তন ঘটে। তেতিয়াই পৰিৱেশ প্রদূষিত হোৱা বুলি ক’ব পাৰি।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

প্রদূষণৰ কাৰণঃ-

আমাৰ চৌপাশৰ পৰিৱেশ মূলত দুটা কাৰণত প্রদূষিত হৈ আহিছে – প্রাকৃতিক আৰু মানৱসৃষ্ট কাৰণত। প্রাকৃতিক ভাৱে হোৱা কার্যকলাপৰ ভিতৰত বানপানী, ভূমিকম্প, ঘূর্ণীবতাহ আদিয়ে জীব-জন্তুৰ মৃত্যু ঘটোৱা, খৰাং বতৰত লগা বনজুই আদিয়েই পৰিৱেশ পদূষিত কৰে। ইয়াৰ তুলনাত মানৱসৃষ্ট বিভিন্ন কার্যকলাপে যি হাৰত পৃথিৱীৰ মাটি, পানী, বায়ু প্রদূষিত কৰিছে; সিয়েই সমস্ত জীৱকূলৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে।


প্রদূষণৰ প্রকাৰ:

প্রদূষণক ঘাইকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হল- বায়ু প্রদূষণ, পানী প্রদূষণ, মাটি প্রদূষণ। সাম্প্রতিক সময়ত এবিধ প্রদূষণে মানুহক জ্বলা-কলা খুৱাইছে, বিশেষকৈ নগৰীয়া মানুহক। সেইবিধ হল শব্দ প্রদূষণ।

আধুনিক মানৱৰ বিভিন্ন কর্মই সর্বাধিক প্ৰদূষণ কৰিছে পৃথিৱীৰ বায়ুমণ্ডলক। মানুহৰ লগতে বিভিন্ন জীৱ-জন্তু জীয়াই থাকিবলৈ বিশুদ্ধ বায়ুৰ অতি প্রয়োজন। কিন্তু মানু্হে নিজৰ জীৱনক উন্নত কৰিবলৈ প্রচেষ্টা কৰা বিভিন্ন কল – কাৰখানাৰ পৰা ওলোৱা ধোঁৱা, কাৰ্বন-মন’ অক্সাইড, ছালফাৰ – ডাই অক্সাইডৰ দৰে বিষাক্ত গেছ, জৈৱ ইন্ধন চালিত গাড়ী-মটৰৰ পৰা ওলোৱা ধোঁৱাৰ  লগত জীৱদেহৰ প্রতি ক্ষতিকাৰক গেছবোৰে বায়ুৰ প্রদূষণ ঘটাই আনিছে। মানুহে ইন্ধন হিচাপে দহন কৰা কাঠ, কয়লা, কেৰাচিন আদিবোৰেও বা্যুক দূষিত নকৰাকৈ থকা নাই। তদুপৰি যুদ্ধ-বিগ্রহত ব্যৱহাৰ কৰা বিস্ফোৰকৰ লগতে নির্গত তেজস্ক্রিয় পদাৰ্থ আদিয়েই বায়ু প্রদূষিত কৰে।

পানীক প্রাণীৰৰ প্ৰাণ বুলি কোৱা হয়। কিন্তু এই পানীও প্রদূষিত হৈছে মানুহৰ কার্ম-কলাপৰ ফলত। মানুহৰ কার্য কলাপ যেনে- উদ্যোগৰ পৰা ওলোৱা আবর্জনা, ৰাসায়নিক পদার্থ আদি নদী বা সাগৰত পেলোৱা, কৃষি  কার্যত ব্যৱহৃত ৰাসায়নিক সাৰ, কীটনাশক ঔষধৰ অতিৰিক্ত অংশ বৰষুণত উটি গৈ নদী, জান- জুৰিত মিলিত হোৱা, উদ্যোগৰ পেলনীয়া পানী আদিয়ে পানী প্রদূষিত কৰাত আগভাগ লৈছে। তদুপৰি সাগৰ-মহাসাগৰৰ পৰা খাৰুৱা তেল উদ্‌ঘাটন কৰা প্রক্রিয়াই উপকূলীয় অঞ্চলবোৰৰ পানী প্রদূষিত কৰিছে।বায়ু আৰু পানীৰ পিছতেই আটাইতকৈ প্রয়োজনীয় উপকৰণ হল মাটি। কৃষি কার্য তথা বাসস্থানৰ কাৰণে মাটি নহ’লেই নহয়। কিন্তু এই মাটি ও প্রদূষিত কৰিছে আধুনিক মানৱে। ঔদ্যোগিক আবর্জনা তথা বিষাক্ত বর্জিত পদার্থ, নগৰৰ ঘৰুৱা আৱর্জনা, কৃষি ক্ষেত্রত অত্যধিক ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰে মাটি দূষিত কৰি আহিছে। আধুনিক মানৱ ব্যৱহাৰ কৰা জৈৱ অপচনশীল প্লাষ্টিকেও মাটিৰ উবৰর্তা শক্তি হ্রাস কৰি প্রদূষণ ঘটাইছে ।

এই তিনিবিধ প্রদূষণৰ লগতে শব্দ -প্রদূষণতে নগৰীয়া মানুহক বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে। গাড়ী- মটৰ ৰ হৰ্ণ; কল – কাৰখানাৰ শব্দ,জেট প্লেনৰ শব্দ আদিয়ে শব্দ প্রদূষণৰ সৃষ্টি কৰি আহিছে। সাধাৰণতে ৬৫ ডেচিবেলৰ ওপৰৰ শব্দই মানুহৰ অশান্তিৰ সৃষ্টি কৰাৰ লগতে শৰীৰৰ ক্ষতি কৰিব পাৰে।

Find the list of Essays : Click Here


প্রদূষণৰ কু-প্রভাৱ

সভ্যতাৰ চকৰিত আগুৱাবলৈ গৈ মানুহে নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ নিচিনা হৈছে। এফালে বিলাসী জীৱন-যাপন কৰিবলৈ নানা তৰহৰ বৈজ্ঞানিক আৱিষ্কাৰ  কৰিছে, আনফালে সেই আৱিষ্কাৰে মানৱ জাতিৰ ভৱিষ্যতকে বিপদৰ মুখলৈ ঠেলি দিয়ে।

প্রদূষণে মানুহৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্রভাৱ  পেলায়। বায়ু প্রদূষণৰ ফলত শ্বাস- প্রশ্বাসজনিত ৰোগ, ছালৰ কেঞ্চাৰৰ লগতে ই সৰু ল’ৰা-ছোৱালীৰ মস্তিষ্কৰ ক্ষতি কৰে।প্ৰদূষিত বায়ুৱে গোলকীয় উচ্চতা বৃদ্ধি কৰি পৃথিৱীৰ জলবায়ুৰ ব্যাপক পৰিৱর্তন ঘটাইছে। এচিড বৰষুণৰ সৃষ্টি কৰি মানৱ-সৃষ্ট অট্টালিকাসমূহৰ ক্ষতি কৰিছে। একেদৰে পানী প্রদূষণে জান-জুৰি, নদী সাগৰৰ পানী প্রদূষিত কৰি জলজ প্রাণী আৰু উদ্ভিদসমূহৰ ক্ষতি কৰে। প্রদূষিত পানীৰ দ্বাৰা  মানুহৰ টাইফয়ত, কলেৰা, বিভিন্ন পেটৰ ৰোগ, স্নায়ু ৰোগ আদি হয়।

একেদৰে মাটি প্রদূষণেও মানৱ স্বাস্থ্যৰ ওপৰত প্রভাৱ পেলাইছে। মাটিৰ স্বাভাবিক গুণাগুণ নষ্ট হোৱাৰ ফলত মাটিৰ উৰ্বৰতা হ্রাস পাইছে। উদ্যোগিক আবর্জনাসমূহ মুকলি ঠাইত পেলোৱাৰ ফলত সেই ঠাইত কৃষিৰ  উৎপাদন হ্রাস পোৱাৰ লগতে মানুহৰ তথা জীৱ-জন্তুৰ বিভিন্ন ৰোগৰ সৃষ্টি কৰিছে। সেইদৰে শব্দ-প্রদূষণৰ কু-প্রভাৱ হিচাপে মানুহৰ কানৰ নানা ৰোগৰ লগতে ৰক্তচাপ বৃদ্ধি, অনিদ্রা, স্নায়ৱিক, বিকলতা, মানসিক উত্তেজনা আদি দেখিবলৈ পোৱা যায়।


সামৰণি-

সমগ্র বিশ্বৰ কাৰণেই প্রদূষণ আজি এৰাব নোৱাৰা সমস্যা হিচাপে মূৰ দাঙি উঠিছে। মানুহৰ কেতবোৰ অবাঞ্ছিত কাৰ্য-কলাপেই প্রদূষণৰ অন্যতম কাৰক হিচাপে চিহ্নিত হৈছে। এফালে বিজ্ঞানৰ জয় যাত্ৰা আৰু আনফালে এনে জয় যাত্ৰাৰ পথত সৃষ্টি হোৱা প্রদূষণ ই চিন্তাৰ বিষয়। কিয়নো পৃথিৱীৰ  বুকুত জীৱ তিষ্ঠি থাকিবলৈ হলে প্রদূষণ মুক্ত পৰিৱেশৰ প্রয়োজন। প্রদূষণৰ পৰা হাত সাৰিবলৈ উদ্যোগ, যান-বাহন অথবা ৰাসায়নিক সাৰৰ প্রয়োগ নিষিদ্ধ কৰিব নোৱাৰি যদি ও কেতবোৰ সাবধানতা অৱলম্বন কৰি প্রদূষণৰ  পৰিমাণ হ্রাস কৰিব পাৰি। কেৱল ৫ জুন তাৰিখত সভা-সমিতি অনুষ্ঠিত কৰি এই সমস্যাক আতঁৰাব নোৱাৰি। প্রতিজন ব্যক্তিয়ে এককভাৱে প্রচেষ্ঠা হাতত ল’লেহে পৃথিৱীক পদূষণ মুক্ত কৰাটো সম্ভৱ হ’ব।


অসমীয়া ৰচনা – পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্রতিকাৰ। প্ৰদূষণৰ কাৰণ, প্ৰভাৱ আৰু ইয়াক নিয়ন্ত্ৰণ কৰাৰ উপায় সম্পৰ্কে বিস্তৃত আলোচনা। Assamese Essay on Environmental Pollution and Its Solution

For More details check our Youtube Channel Assam Board Exam

Find the list of Essays : Click Here

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment