অসমত বিদেশী অনুপ্রৱেশৰ সমস্যা | Read an essay on ‘The Problem of Foreign Immigration in Assam,’ examining the historical roots, socio-political effects, and challenges this issue brings to Assam’s demographic and cultural landscape.
Table of Contents
অসমত বিদেশী অনুপ্রৱেশৰ সমস্যা
বা
অসমৰ বহিৰাগত সমস্যা
ভূমিকা :-
নানা সমস্যাৰে জর্জৰিত হৈ থকা অসমত অনুপ্রৱেশৰ সমস্যা গোটেই বিশ্বৰ এক উল্লেখযোগ্য ঘটনা। সাধাৰণতে অনুপ্রৱেশৰ মূলতে থাকে জীৱন আৰু জীৱিকাৰ সমস্যা। গাওঁ অঞ্চলৰ পৰা নগৰলৈ মানুহে সংস্থাপন বিচাৰি ঢাপলি মেলে। এই সমস্যাৰ বাবেই নিজৰ দেশৰ সীমা পাৰ হৈ আন দেশত প্ৰৱেশ কৰে মানুহে। অসমতো এই কাৰণতেই অনুপ্ৰৱেশ আৰম্ভ হয়। প্ৰাকৃতিক সম্পদেৰ চহকী এই দেশৰ মাটিও সাৰুৱা বাবে ই তাৰেই লোভত ওচৰ চুবুৰীয়া দেশৰ পৰা ইয়ালৈ অনুপ্ৰৱেশ ঘটিবলৈ ধৰে। কিন্তু এই অনুপ্ৰৱেশ এতিয়া এনেকুৱা ভয়াবহ ৰূপ ধাৰণ কৰিছে যে এই অনুপ্ৰৱেশ যদি ৰোধ কৰা নাযায় তেনেহলে অবিলম্বে এই দেশৰ ভাষা সংস্কৃতিৰ ওপৰত এক বিৰাট মাধমাৰ পৰিব আৰু অসমীয়া জাতিৰ অস্তিত্ব বিলুপ্ত হব। সেয়ে অসমত ই এক জ্বলন্ত সমস্যা ৰূপ দেখা দিছে। কিন্তু আচৰিত কথা অসমীয়া মানুহবোৰে এই সমস্যা বোৰক গুৰুত্ব সহকাৰে যেন উপলব্ধি কৰিব পৰা নাই।
অসমত বিদেশীৰ অনুপ্রৱেশঃ
অসমৰ, দাঁতি কাষতে থকা পূৰ্বৰ পূৱ পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশৰ পৰা যথেষ্ট সংখ্যক অনুপ্রৱেশকাৰী সোমাইছে। অর্থনৈতিক অনগ্রসৰতা আৰু ৰাজনৈতিক প্রৰোচনাত এই অনুপ্রৱেশ ঘটিবলৈ ধৰে। স্বাধীনতা পঞ্চাশ বছৰ হৈ যোৱাৰ পিচতো আমাৰ দেশে এই অনুপ্রৱেশ ৰোধৰ কোনো ব্যবস্থা গ্রহন কৰিব নোৱাৰাতো সচাকৈয়ে পৰিত্যাগৰ কথা। স্বাধীনতা তথা দেশ বিভাজনৰ আগে আগে যথেষ্ট সংখ্যক মুছলমানলোক অসমলৈ আহি বসবাস কৰিবলৈ লয়। কিন্তু দেশ বিভাজনৰ পাছতো সু পৰিকল্পিত ভাৱে এই দেশলৈ বাংলদেশৰ মুছলমান লোকসকলে প্রৱজন কৰিয়েই আছে। অসমৰ চৰণীয়া পথাৰ, চৰ অঞ্চল আদি দখল কৰি তেওঁ লোকে অসমীয়া জন জীৱনৰ লগত মিলি পৰাৰ চেলুৱে অসমীয়া জাতিৰ অস্তিত্বত আঘাত কৰিবলৈ ওলাইছে। এনেদৰে তেওঁ লোকৰ যদি অনুপ্ৰৱেশ ঘটি থাকে তেনেহলে এই ৰাজ্যত তেওঁ লোকেই চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হব আৰু তেতিয়া অসমীয়া ভাষা সংস্কৃতিৰ লগতে গোটেই ভাৰতীয় জাতীয় জীৱনতে ই এক আঘাত স্বৰূপ হব।
অনুপ্রৱেশৰ ফলশ্রুতিতঃ
অসমলৈ এনেদৰে চামে চামে আহি থকা বহিৰাগত লোকসকলৰ বাবে আজি অসম যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আৰু ইয়াৰ ফলশ্রুতিত পৰিস্থিতি অতি ভয়াবহ হৈ যাব ধৰিছে। এই বহিৰাগত লোকসকল অহাৰ ফলত আমাৰ অসমত বহুতো সমস্যাই গা কৰি উঠিছে। তাৰ ভিতৰত জনসংখ্যা সমস্যা, খাদ্য সমস্যা, নিবনুৱা সমস্যা আদি প্রধান। ইয়াৰ ফলত অসমীয়া লোকসকল দৰিদ্রতাৰ এক ভয়াবহ চক্রৰ মাজত সোমাই যাব ধৰিছে। জনসংখ্যাৰ বিস্ফোৰনৰ বাবে শস্যৰ দাম বাঢ়ি যোৱাৰ বাবে আগৰ যিসকল লোকে পেটে ভাতে এমুঠি খাই আছিল সেইসকলৰ বাবে জীৱন নিবাহ অতি কষ্টকৰ হৈ পৰিছে। সাধাৰণতে বাংলাদেশৰ পৰা অহা এই লোকসকলৰ বেছিভাগেই নিৰক্ষৰ আৰু ইয়াৰ পৰিণতিত আমাৰ অসমত, নিবনুৱা লোকৰ সংখ্যা বাঢ়ি যাবলৈ ধৰিছে । এই বহিৰাগত লোকসকলে অসমৰ বিভিন্ন চৰ অঞ্চল ৰিজার্ভ ভূমি আদি দখল কৰি গছ-গছনি কাটি তহিলং কৰাৰ কাৰণে আজি আমাৰ মাজৰ পৰা বহুত মূল্যবান গছ হেৰাই গৈছে আৰু পৰিৱেশো যথেষ্ট পৰিমাণে ক্ষতি হৈছে। সেইদৰে শিক্ষাকে আদি কৰি বিভিন্ন আঁচনিৰ সুবিধা লভিবলৈ সক্ষম হৈছে আৰু কর্মসংস্থানৰ বিভিন্ন ক্ষেত্রত তেওঁলোকৰ লোকৰ সংখ্যাই বাঢ়ি গৈছে আৰু খিলঞ্জীয়া লোকসকল এইবোৰ সুবিধাৰ পৰা বঞ্চিত হৈছে।
অনুপ্রৱেশ ৰোধৰ ব্যৱস্থাঃ
স্বাধীনতাৰ পিছত অসমলৈ যথেষ্ট সংখ্যক বিদেশীৰ অনুপ্রৱেশ ঘটিছে। কিন্তু এই সকলৰ একেবাৰে নগণ্য সংখ্যক বিদেশী নাগৰিকক বিতাৰণ কৰা হৈছে তাতকৈ দুগুণ বেছি লোকৰ ইয়াত অনুপ্রৱেশ আৰু পুনৰ প্রৱেশ ঘটিছে। এই ক্ষেত্রত আমাৰ ৰাজনৈতিক নেতাসকলৰো এক বিশেষ ভূমিকা আছে। তাৰোপৰি নিজৰ দেশৰ দুর্ভিক্ষ, অভাৱ অনাটনেও তেওঁলোকক অসম ভূমিৰ প্রতি আকৰ্ষিত কৰি তুলে।
অসম চুক্তি অনুযায়ী ১৯৬৬ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত সোমোৱা অনুপ্রৱেশকাৰীসকলক চিনাক্তকৰণ আৰু বহিষ্কৰণৰ সিদ্ধান্ত লোৱা হয়। এই উদ্দেশ্যে বাৰখন ট্ৰিবুনেল গঠিত হয়। ১৯৯১ চনৰ ৩০ ছেপ্তেম্বৰৰ ভিতৰত ৫0৯৭৯৯ জন সন্দেহযুক্ত নাগৰিকক ধৰা পেলোৱা হয় আৰু ইয়াৰে ১৫৯৩৮ জন বিদেশী বুলি চিনাক্ত কৰা হয়। অনুপ্রৱেশ ৰোধ কৰাৰ কাৰণে সীমান্তত কাঁটা তাঁৰৰ বেৰৰ ব্যবস্থা কৰা হৈছে । সীমা সুৰক্ষা বাহিনীক অনুপ্ৰৱেশ ৰোধ কৰিবলৈ নিয়োগ কৰা হৈছে।
সামৰণি:
বিদেশী অনুপ্রৱেশ ৰোধৰ লগতেই অসমৰ সমস্যাৰাজি, ওতঃপ্রোতভাৱে জড়িত। অসমত অনুপ্রৱেশৰ ফলতেই জনসংখ্যাৰ হাৰ ক্রমাগতভাৱে বৃদ্ধি পাইছে আৰু ইয়াৰ অর্থনীতি দুর্বল হৈ পৰিছে। অসমত বিচিন্নতাবাদৰ যি প্রবনতা গঢ় লৈ উঠিছে তাৰ আৰতো এই বিদেশী অনুপ্রৱেশৰ কথাটো জড়িত হৈ আছে। বিদেশী ৰাষ্ট্ৰৰ লগত যোগাযোগ অক্ষুণ্ণ ৰাখি এই অনুপ্রৱেশকাৰী সকলে দেশৰ আভ্যন্তৰীন শান্তি শিংখলা ব্যাহত কৰিছে। গতিকে অসমৰ সামগ্রীক উন্নতি সাধন কৰিব লাগিলে অসমৰ এই অনুপ্রৱেশৰ সমস্যা যিকোনো উপায়ে সমাধান কৰিব লাগিব। চৰকাৰৰ লগতে দেশৰ জনসাধাৰণেও এই দিশত বিশেষ সাৱধানতা অবলম্বন কৰিলেহে এই সমস্যা সমাধান হব বুলি আশা কৰিব পাৰি।
For More details check our Youtube Channel Assam Board Exam
Find the list of Essays : Click Here