মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তা | Assamese Essay | Discover the Importance of mother tongue education in cognitive development, cultural preservation, and societal growth. Explore practical approaches and solutions to promote primary education in one’s native language.
Table of Contents
মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তা
” চিৰ চেনেহী মোৰ ভাষা জননী”
আৰম্ভণি –
মাতৃভাষা সকলোৰে আদৰণীয়। যিটো ভাষা এটি শিশুৱে মাকৰ কোলাতে শিকে, যিটো ভাষাৰ সহায়েৰে স্বাভাৱিক ভাৱে মনৰ ভাৱ প্ৰকাশ পায় আৰু যোগাযোগ স্থাপন হয় সেই ভাষাটোৱে হল মাতৃভাষা। শিশুৱে স্বাভাৱিক ৰীতিত পৰিৱেশৰ পৰা, বন্ধু – বান্ধব, আত্মীয়স্বজক অনুকৰণ কৰি মাতৃভাষা আয়ত্ব কৰে। সেয়ে মাতৃভাষাক বহুতে Frist Language বুলিও কয়। মাতৃভাষা জৰিয়তে যিমান সহজে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰি আন এটা ভাষা শিকি তেনেদৰে মনৰ ভাৱ প্ৰকাশ কৰিব নোৱাৰি। কিয়নো অইন ভাষা শিকিব লাগিলে প্ৰথমে ভাষাটো শিকোতেই বহু খিনি সময়ৰ প্ৰয়োজন হব।
মাতৃভাষা শিক্ষাৰ বৈজ্ঞানিক ভিত্তি –
ভাষা হৈছে মানুহৰ সংস্কৃতি তথা দৈনন্দিন জীৱনৰ আপুৰুগীয়া সম্পদ। যিকোনো শিক্ষা লাভ কৰিবলৈ হলে ভাষা বা মাধ্যম প্ৰয়োজন হয়। শিক্ষাৰ ক্ষেত্ৰত ভাষাৰ ভূমিকা অপৰিসীম। মাতৃভাষাত শিশু সকলে আনন্দ মনেৰে শিকিবলৈ সক্ষম হয়। মাতৃভাষাত শিক্ষা দান কৰিব পাৰিলে শিশুৰ মনত অধিক আনন্দ আৰু সাহস আহে। শিশু সকলৰ মানসিক বিকাশত মাতৃভাষাৰ ভূমিকা অতি তাৎপৰ্যপূৰ্ণ। জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল “কেঁচুৱাৰ শাৰীৰিক বিকাশৰ কাৰণে মাকৰ গাখীৰ যিমান প্ৰয়োজন, মানুহৰ মানসিক বিকাশৰ বাবে মাতৃভাষাৰো সিমানেই আৱশ্যক কাৰণ শিশুৱে প্ৰথম পাঠ মাকৰ ওচৰত আহৰণ কৰে। সেই কাৰণে মাতৃভাষাৰ ওপৰত কোনো এটা আন ভাষা জাপি দিয়াটো পাপ বুলি কোৱা হয়।”
মাতৃভাষাৰে শিক্ষাদান কৰিলে শিশুৱে বিষয়ৰ পৰা বিষয়ান্তৰলৈ গতি কৰে। মাতৃভাষা শিক্ষাৰ দ্বাৰা চিন্তা আৰু কল্পনা শক্তি জগাই তোলা হয়। কাৰণ এজন ব্যক্তিয়ে চিন্তা কৰে নিজৰ মাতৃভাষাত আৰু কল্পনাও কৰে নিজৰ মাতৃভাষাতহে। সেইহে পৃথিৱীৰ সকলো দেশতে মাতৃভাষাকে শিক্ষাৰ বাহন কৰা দেখা যায়। আচল কথা মাতৃভাষাৰ মাধ্যমেৰে শিকি তেওঁলোকে যিদৰে সহজে বিকাশ সাধন কৰিব পাৰে বিদেশী ভাষাৰে নোৱাৰে। সেইহে শিক্ষাৰ মাধ্যম মাতৃভাষাত হব লাগে তাৰ বৈজ্ঞানিক ভিত্তি আছে।
মাতৃভাষাৰ শিক্ষাৰ প্ৰয়োজনীয়তা –
যিটো ভাষাত অভ্যস্ত, যিটো ভাষাত সহজেই মনৰ ভাৱ প্ৰকাশ কৰিব পাৰি, যিটো ভাষা শুনিলেই বুজি পাব পাৰি, যিটো ভাষাই মনৰ প্ৰকাশিত শক্তি বৃদ্ধি কৰে, সেই ভাষাহে শিক্ষাৰ বাবে প্ৰয়োজন। বিদেশী ভাষাৰ সময়ত আয়ত্ব কৰি লোৱা হয়। ইংৰাজ সকলে আমাৰ দেশ শাসন কৰিবলৈ লোৱাৰ পিছৰে পৰা ইংৰাজী ভাষাৰ প্ৰচলন হল। ইংৰাজী বিদেশী ভাষা। সেই ভাষা শব্দ বিন্যাস , বাক্য গঠন প্ৰণালী আমাৰ মাতৃভাষাৰ লগত একে নহয়। ইংৰাজ সকলে আমাৰ অসম ইংৰাজী মাধ্যমৰ শিক্ষাৰ প্ৰদানৰ ব্যৱস্থা কৰিলে। বৰ্তমান সময়ত আমাৰ দেশৰ প্ৰায় চুকে কোনে সকলোতে ইংৰাজী মাধ্যমৰ বিদ্যালয় ভৰি পৰিল। ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ জাক জমকতাত যেন সকলো মোহাছন্ন। তাৰোপৰি ব্ৰিটিছসকলে স্কুল কলেজ, চৰকাৰী কাৰ্য্যলয় আদিত অসমীয়াৰ সলনি বাংলা ভাষা ব্যৱহাৰ কৰিছিল।
জ্ঞান লাভৰ বাবে ইংৰাজী বা বিদেশী ভাষা শিকাতো দৰকাৰ কিন্তু তাকে কৰিবলৈ যাওঁতে মাতৃ ভাষাক অৱজ্ঞা কৰিব নালাগে। নিজৰ মাতৃ ভাষা শিক্ষা যিমানেই গাঢ় হব সিমানেই চিন্তাৰাজি স্পষ্ট আৰু যুক্তিসংগত হব।
বিদেশী ভাষা এটাৰে মানুহে কেতিয়াও চিন্তা বা কল্পনা নকৰে । অমৃতময় মাতৃভাষাৰ মাধ্যমতহে ভাৱ আৰু চিন্তাই নিজস্ব ৰূপত প্ৰতিফলিত হয়। যিহেতু শিক্ষাৰ বাহন হল মাতৃভাষা গতিকে মাতৃভাষাৰ মাধ্যমত শিক্ষা দিলে ছাত্ৰ ছাত্ৰী অধিক ফলপ্ৰসু হব। এনেবোৰ কাৰণতে মাতৃভাষা শিক্ষাৰ প্ৰয়োজন।
মাতৃভাষা আৰু স্বদেশপ্ৰেম –
মানুহৰ আবেগ অনুভূতি প্ৰকাশ হয় মাতৃভাষা জৰিয়তে । ভাষাৰ প্ৰতি থকা আৱেগে মানুহৰ অন্তৰত দেশ প্ৰেমৰ চেতনা জাগ্ৰত কৰে। তদুপৰি ভাষিক একতাই মানুহৰ মনত জাতীয় সংহতিৰ ভাৱ বৃদ্ধি কৰে। মাতৃভাষাক এৰি বিদেশী ভাষাৰে শিক্ষা প্ৰদান কৰিলে নিৰক্ষৰতা দূৰ কৰিব নোৱাৰি ।
সামৰণি –
গণতান্ত্ৰিক দেশত মাতৃ ভাষাৰে শিক্ষাৰ প্ৰচলন অধিক দৰকাৰ। কাৰণ মাতৃভাষাই এখন দেশৰ ভাষা , সাহিত্য, সংস্কৃতি আদি সকলো দিশৰ উন্নতিত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তাৰোপৰি মাতৃভাষাৰ সম্পূৰ্ণ জ্ঞানৰ অবিহনে আন ভাষাৰ জ্ঞান আয়ত্ব কৰিবলৈ অতি কষ্টকৰ। আকৌ মানুহে যিখন দেশত জন্ম লৈ ডাঙৰ দীঘল হয়, সেই দেশৰ নজনাটো কেৱল দুৰ্ভাগ্য জনকেই নহয় অতি লজ্জাজনক। মাতৃভাষা শুদ্ধ কৈ জনিলেহে ভালকৈ চিন্তা কৰিব পাৰিব আৰু তেনে চিন্তাইহে দেশক সকলো দিশৰ পৰা উন্নতি তথা টনকিয়াল কৰিব পৰিব।
Assamese Essay on মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তা | Essay in Assamese |Explore the importance of mother tongue education in boosting cognitive skills, preserving cultural heritage, and enhancing learning outcomes. Discover its role in promoting identity, inclusivity, and linguistic diversity in modern education systems.”
For More details check our Youtube Channel Assam Board Exam
Find the list of Essays : Click Here