তোমাৰ প্ৰিয় গ্রন্থ | Explore an insightful essay on ‘Miri Jiyori,’ Your Favourite Book that beautifully portrays the culture, traditions, and emotional journey of the Mising community. Discover why this Assamese classic resonates deeply with readers.
তোমাৰ প্ৰিয় গ্রন্থ
আৰম্ভণি:-
মই এজনী মজলীয়া অৱস্থাৰ গাৱলীয়া পৰিয়ালৰ ছাত্রী। আজৰি পৰত মই ঘৰুৱা কাম বনতো অলপ লাগি-ভাগি দিব লাগে। তথাপি তাৰ মাজতে ঢৌতে খৰ মাৰি দুই চাৰি খন বাহিৰা কিতাপ নপঢ়া নহয়। আমাৰ মা-দেউতা উচ্চ শিক্ষিত নহলেও শিক্ষাৰ প্ৰতি অনুৰাগী। আমাৰ ঘৰত ন পুৰণি দুয়োবিধ পুথিৰে অলপ অচৰপ চৰ্চা হয়। সৰুতে আইতাৰ মুখত বকাসুৰ বধ, কুলাচলৰ বধ, ৰামায়ণৰ কাহিনী, ‘মহাভাৰতৰ কাহিনী, নাটক, উপন্যাসক আদি শুনি কিমান যে আনন্দ পাইছিলো। এই কাহিনী, নাটক , উপন্যাস আদি শুনিয়েই নেকি মোৰ পুৰণি পুথিৰ প্রতি সৰুৰেপৰা ধাউতি উপজিছিল আৰু লিখা পঢ়া শিকিয়েই প্ৰথমে মই এখন পুৰণি পুথি পঢ়িবলৈ লওঁ। পুথি খন পঢ়ি ইমানেই ৰস পাওঁ যে ভাত পানী খোৱাৰ পর্যন্ত পাহৰি যাওঁ। ইয়াৰ পিছতো কেইবা বাৰো মই সেই পুথিখন পঢ়িছিলো। সিদিনা বছেৰিকা পৰীক্ষাৰ পাছতো আকৌ এবাৰ পুথিখন পঢ়ো। এতিয়া মোৰ দৃষ্টিভংগী সলনি হৈছে। তথাপি পুথিখনৰ আকৰ্ষণ কমা নাই। গল্প বস্তু আকষর্ণ কমিলেও সাহিত্যিক সৌন্দর্যই মোক এতিয়া বেছিকেহে আকর্ষিছে। মই যিমানবোৰ কিতাপ পুথি পঢ়িছো আটাইবোৰে মোৰ ভাল লাগে। আজি যিহেতু এখন ভালপোৱা পুথি নির্দিষ্ট কৰিব লগীয়া হোৱাত মোৰ মনলৈ সেই পুথিখনৰ কথা বাৰে বাৰে আহিছে। সেইখনিয়ে হ’ল ৰজনীকান্ত বৰদলৈ দেৱে লিখা ‘মিৰিজীয়ৰী “নামৰ এধানিমান পুথিখন।
গ্ৰন্থকাৰৰ চমু সাহিত্যিক পৰিচয় –
ঔপন্যাসিক সম্রাট ৰজনীকান্ত বৰদলৈদেৱে গল্প প্রৱন্ধ, উপন্যাস লিখে। ১৮৭৬ চনত বৰদলৈ গুৱাহাটীত জন্ম গ্ৰহণ কৰে। মিৰিজীয়ৰী খন হৈছে প্ৰথ্ম অসমীয়া সামাজিক উপন্যাস । মিৰিজীয়ৰীত বুৰঞ্জীত আচোৰ নাই। ইয়াত মিৰিসকলৰ মৰম লগা কাহিনী এটি বৰদলৈদেৱে অংকিত কৰিছে। ১৮৯৪ চনত বৰদলৈদেৱে লক্ষ্মীপুৰৰ পৰা বৰপেটালৈ নাৱৰে যাওতে নাৱৰ ভিতৰতে দুদিনৰ ভিতৰত মিৰিজীয়ৰী খন লিখি উলিয়াইছিল। এই উপন্যাস খনৰ লগত বৰদলৈদেৱৰ ব্যাক্তিগত স্মৃতি জড়িত হৈ আছে। সোৱনশিৰিৰ প্ৰাকৃতিক দৃশ্য আৰু ৰাজ্যত প্রকৃতিৰ প্ৰভাৱত সৰল জীৱণৰ মাজত লৰালিকালৰ সৰল মিলা-প্ৰীতিয়ে জংকী আৰু পানৈ পুষ্ট প্ৰেমত পৰিণত হোৱা এখনি হুবহু চিত্র বৰদলৈদেৱে দাঙি ধৰা হৈছে।
কিতাপ খনৰ কাহিনীভাগ বা গ্ৰন্থৰ বিষয়বস্তু –
জংকি আৰু পানৈ মিৰিজীয়ৰী উপন্যাস খনৰ নায়ক নায়িকা। মিৰিচাঙত সিহঁতৰ জন্ম হয়। সিঁহতৰ মাজত গঢ়ি উঠা শৈশৱৰ মিলাপ্রীতিয়েই যৌৱনত প্ৰেমলৈ ৰূপান্তৰিত হল।এদিন দুয়ো সোৱনশিৰি পাৰৰ প্ৰেমৰ দেৱতাক সাক্ষী কৰি দুয়ো জীৱনে মৰণে নেৰিবলৈ প্ৰতিজ্ঞা কৰিলে।
জংকি আছিল কেও কিছু নোহোৱা দুখীয়া লৰা । সেয়েহে পানৈই দেউতাকে তামেদে পানৈক জংকি লৈ দিবলৈ অমান্তি হল আৰু তাইক গামৰ পুতেক কুমুদলৈ বিয়া দিবলৈ ঠিক কৰিলে। মাক নিৰমাই এবেলিলৈ জীয়েকৰ পক্ষ ল’ব খুজিলেও বাপেকৰ ওপৰত মাত মাতিব নোৱাৰিলে। মিৰি সমাজৰ প্রথা অনুযায়ী কুমুদ জোঁৱাই খাটিবলৈ অহাটো ঠিক হ’ল। ইপিনে জংকি আৰু পানৈইৰ মনৰ কথা পৰস্পৰে জানি দুয়ো দুয়োকে চিৰদিনলৈ আপোন কৰি লোৱাৰ সংকল্প কৰিলে। টকা-পইচা যোগাৰ কৰিবলৈ জংকি ঘুনাসুতি গাঁৱৰ মাহীয়েকৰ ঘৰলৈ গৈ তাতে থাকিবলৈ ল’লে। কুমুদে জোঁৱাই খাটিবলৈ আহিও পানৈইৰ মন জয় কৰাত বিফল হ’ল, পানৈয়ে সুযোগ বুজি জংকিলৈ খবৰ পঠাই দুয়ো এদিন পলাই গৈ সোৱণশিৰিৰ পাৰৰ হাবিত লুকাই থাকিলগৈ। ঘূনাসুতি গাঁৱৰ ডালিমী নামৰ আন এজনী গাভৰুৱেও জংকিক ভাল পাইছিল। পিছে জংকিৰ পৰা পানৈইৰ বিষয়ে জনাত সহৃদয়তাৰে দুয়োটাকে সহায় কৰিবলৈ ললে।
সোৱণশিৰিৰ পাৰৰ হাবিত লুকাই থকা অৱস্থাত জংকি-পানৈই ধৰা পৰিল, কাছাৰীত বিচাৰ হ’ল, মাক-বাপেকে পানেইক লৈ আহিল। কিছুদিনৰ পাছত পানৈই আকৌ পলাল। সেই খবৰ পাই জংকিয়ে পানেইৰ মাক-বাপেকক লগ ধৰি ক’লে যে এইবাৰ পানেই অকলেহে গৈছে, এনেকৈ তাই আত্মঘাতী হ’ব। মাক-বাপেকে এইবাৰ তাইক জংকিলৈকে দিবলৈ সৈমান হ’ল। জংকিয়ে পানৈইক বিচাৰি যাওঁতে খাছি মিৰিৰ হাতত বন্দী হয়। ইপিনে পানৈইকো সিহঁতে বন্দী কৰি এদিন তালৈকে আনে। বন্দী অৱস্থাতে জংকি-পানেইৰ দেখা-দেখি হ’ল। এনিশা দুয়ো পুনৰ পলাবৰ দিহা কৰোঁতেই পুনৰ ধৰা পৰিল। বাৰেগামৰ মেলত দুয়োটাৰে বিচাৰ হ’ল। বাৰেগামে দুয়োটাকে মৃত্যুদণ্ড বিহিলে। শাল মাৰি দুয়োটা দেহবান্ধি খাছি মিৰিয়ে সিহঁতক সোৱণশিৰিত উটুৱাই দিলে।
জংকি আৰু পানৈ ভালপোৱা প্ৰতি পানৈ মাক বাপেক সহাঁৰি নিদিলে। সমাজেও সিঁহতৰ প্ৰেমক স্বীকৃতি দিব নুখুঁজিলে। ফলস্বৰূপে তেওঁলোকে কৰুণ মৃত্যুক সাৱটি লৱ লগাত পৰিল। ইয়াৰ বাবে জংকি আৰু পানৈ কোনো দোষ নাছিল। দোষ আছিল মাক দেউতাকৰ আৰু সমাজৰ।
আজিত সোৱণশিৰি নদী দেখিলে সেই কৰুণ কাহিনী মনত পৰে। আজিত সোৱণশিৰি পাৰত বহি মিৰি ডেকা গাভৰুৱে প্রেম কৰে। আজিও সোৱণশিৰি পাৰত বহিলে জংকি আৰু পানৈৰ কৰুণ কাহিনী মনত পৰে। কেনেকৈ পবিত্র প্রেমৰ তাড়নাত পৰি দুটি নিষ্পাপ জীৱণ অকালতে মৰহি গ’ল। সেয়েহে সোৱণশিৰি সেই পবিত্র প্ৰেমৰ নীৰৱ সাক্ষী হিচাপে আজিও বৈ আছে।
সামৰণি:
মিৰিজীয়ৰী উপন্যাসেই প্ৰথম অসমীয়া সমাজিক উপন্যাস। এনেকুৱা সর্বাঙ্গসুন্দৰ উপন্যাস অসমীয়া ভাষাত খুউব তাকব। মিৰি জীয়ৰীৰ দৰে উপন্যাসে পৰৱর্তী সমাজৰ ৰীতি – নীতি অন্ধবিশ্বাস আদিৰ পৰিবৰ্তন ঘটাবলৈ সক্ষম হ’ব পাৰে। একোটা জাতিৰ ইতিহাস তেওঁলোকৰ ধর্ম, সমাজ আইন- কানুনৰ বিষয়ে জানিব পাৰি এনেকুৱা উপন্যাসৰ জৰিয়তে বৰদলৈদেৱৰ জৰিয়তে এটা সৰু অথচ ভাব গধুৰ উপন্যাস খনে মিৰি সমাজৰ হুবহু চিত্র অংকিত কৰি দেখুৱাইছে। বর্তমান আমাৰ সমাজত চলা দুনীর্তি ব্যভিচাৰৰ পৰিসমাপ্তি ঘটাবলৈ এনেকুৱা সুস্থ-সবল উপন্যাসৰ সঁচাকৈয়ে প্ৰয়োজন।
তোমাৰ প্ৰিয় গ্রন্থ | Explore an insightful essay on ‘Miri Jiyori,’ My Favourite Book that beautifully portrays the culture, traditions, and emotional journey of the Mising community. Discover why this Assamese classic resonates deeply with readers.
For More details check our Youtube Channel Assam Board Exam
Find the list of Essays : Click Here