তোমাৰ প্রিয় সাহিত্যিক | ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা Assamese essay on My Favourite Writer: Explore the life, works, and impact of renowned literary figures in Assam’s rich cultural heritage.
Table of Contents
আৰম্ভণি –
অসমৰ সাহিত্য ক্ষেত্ৰৰ গুৰি ধৰোতা সকলৰ ভিতৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা এজন লেখত ল’ব লগীয়া সাহিত্যিক। মেধা আৰু প্ৰজ্ঞাৰ সাধনাৰে লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্যজগত খনত নিজৰ নাম সোণালী আখৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। অসমীয়া ভাষা সাহিত্যৰ পুৰণি ভঁৰালটোক নতুন সৃষ্টিৰে যেন বিনন্দীয়াকৈ সজালে। এনে এগৰাকী সাহিত্যিক সকলো পাঠকৰ অনুপ্রেৰণাৰ উৎস। সকলো বয়সৰ পাঠকে তেখেতৰ ৰচনাৰাজিৰ পৰা অতি সহজে ৰস্বাদন কৰিব পাৰে সেয়েহে এইগৰাকী সাহিত্যিকেই মোৰ প্রিয় সাহিত্যিক হিচাপে বিবেচেনা কৰিলো। তেখেতৰ জীৱন দর্শন আৰু সাহিত্য ৰসে মোক বৰকৈ আকৃষ্ট কৰে।
বংশৰ পৰিচয়, জন্ম, শিক্ষা, বিবাহ –
১৮৬৪ চন । লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দেউতাকৰ নাম আছিল দীননাথ বেজবৰুৱা । তেওঁ এজন মুন্সিফ আছিল। তেওঁ নগাঁওৰ পৰা বৰপেটালৈ বদলি হওঁতে বৰ লুইতৰ বুকুৰে বৰপেটালৈ গৈছিল আৰু নাঁৱতে থানেশ্বৰী বেজবৰুৱা গর্ভত অসমৰ যুগ যুগান্তৰ লেখক লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ জন্ম হয়। লক্ষ্মীপূর্ণিমা তিথিত জন্ম হৈছিল বাবে তেওঁক লক্ষ্মীনাথ বেজবৰুৱা নাম দিলে। তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলত পঢ়ে আৰু তাৰ পৰা প্ৰৱেশিকা পৰীক্ষাত পাছ কৰে আৰু কলিকতাত বি.এ, এম. এ. আৰু আইনো পঢ়িছিল। তেওঁ কলিকতাত থকা কালত বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্রজ্ঞা সুন্দৰীৰ লগত বিবাহ পাশত আবদ্ধ হয় ।
সাহিত্যক প্ৰভাৱ –
বেজবৰুৱা আছিল আগশাৰীৰ জাতীয়তাবাদী লেখক। কলিকতাৰ কলেজত পঢ়ি থকা সময়তে তেখেতে হেমচন্দ্র গোস্বামী, চন্দ্রকুমাৰ আগৰৱালা আদিৰ লগ লাগি জোনাকী নামৰ কাকত এখন উলিয়াই । পিছত এই জোনাকী লুপ্ত হোৱাত তেঁও বাঁহী নামৰ আলোচনী খন অকলে উলিয়াই আৰু তেখেতৰ মৃত্যুৰ পাছতো এই কাকত খন 1945 চনলৈ উলিয়াই থাকে। হাঁহিব নজনা অসমীয়া জাতিক তেখেতেই প্ৰথমে হাস্য ৰসৰ সন্ধান দিয়ে। লিহিকৰে সাহিত্যিক জীৱণৰ পাতনি মেলে। কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা , কৃপাবৰ বৰুৱাৰ উভতনি, নোমল, পাচনি, চিকৰ পতি, নিকৰপতি আদিয়ে অসমৰ বুকুত হাঁহিৰ ৰোল তুলি কাণীয়া সোৰোপা আৰু ধোঁদ অসমীয়া জাতি টোক মৃদু বিদ্ৰোপৰে জাতীয় চেতনা জগাই তুলিবলৈ চেষ্টা কৰিছিল। তেখেতৰ একমাত্ৰ কবিতা পুথি কদমতলিত সন্নিবিষ্ট কৰা কবিতাবোৰে স্বাধীনচিতীয়া আৰু স্বদেশ প্ৰেমৰ ইংগিত দাঙি ধৰে। বীণ বৰাগী, অসম সঙ্গীত এনে শ্ৰেষ্ঠ কবিতাৰ উদাহৰণ। পদুম কুঁৱৰী হৈছে তেখেতৰ একমাত্ৰ উপন্যাস। এই উপন্যাসৰ যোগেদি হৰদত্ত আৰু বীৰদত্তৰ স্বদেশ প্রেম দাঙি ধৰিছে। চক্রধ্বজ সিংহ, জয়মতী কুৱৰী আদি ঐতিহাসিক নাটকৰ জৰিয়তে বেজবৰুবাই অসম বুৰঞ্জীৰ একোটাকৈ গৌৰৱ উজ্জ্বল কাহিনী জনসাধাৰণৰ মাজত প্ৰকাশ কৰে । চৰিত্র চিত্ৰণত বেজবৰুৱাদেৱৰ পাৰদর্শিতা অতুলনীয় জয়মতী কুঁৱৰী নাটকৰ ডালিমী চৰিত্রটি বেজবৰুৱাই অতি সুন্দৰ আৰু নিখুত ভাবে অংকন কৰিছে। বুঢ়ী আইৰ সাধু ককাদেউতা আৰু নাতি লৰা, জুনুকা, সাধু কথাৰ কুকি তেখেতৰ মনোৰম সাধু কথাৰ পুথি।তেখেতৰ সাধু কথাবোৰ এনে শুৱলা আৰু হৃদয় স্পর্শ যে লৰাৰ পৰা বুঢ়ালৈকে সমানে আনন্দ পায়। মোৰ জীৱন সোঁৱৰণ, বেজবৰুৱা কর্মময় জীবনৰ এক সুন্দৰ নিদর্শন। ৰচনাৰাজিৰে অসমীয়া সাহিত্য জগত খন তেওঁ চহকী কৰি গৈছে। তেখেত অসমীয়া জাতিৰ দাপোন স্বৰূপ।
ব্যক্তিত্ব –
তেখেত এগৰাকী ব্যক্তিত্ব সম্পন্ন পুৰুষ আছিল। তেখেতৰ লিখনি আছিল নিভাঁজ , বলিষ্ট আৰু প্ৰভাৱশালী। তেখেতৰ ৰচনাৰাজীত হাসৰসৰ উমান পায় বাবে ৰসৰাজ আখ্যা দিয়া হয়। অসমীয়া সাহিত্যৰ সকলো দিশৰে পথ পদর্শক হিচাপে তেখেতক সাহিত্যৰথী উপাধিৰে বিভূষিত কৰিছে। ১৯২৪ চনত বহা অসম সাহিত্য সভাৰ সপ্তম খন অধিৱেশনৰ তেওঁ সভাপতি আছিল।
সামৰণি –
অসমীয়া জাতি আৰু সাহিত্যৰ যিটো অংগই অসম্পূর্ণ বা পাবলগীয়া অৱস্থাত দেখা পাইছিল তাৰেই পৰিপুষ্টিৰ বাবে বেজবৰুৱাই আহোপুৰুষাৰ্থ কৰিছিল মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পাছতে একমাত্ৰ বেজবৰুৱাইহে ভাষা সাহিত্য সকলো অংগলৈ অনবৈদ্য অৱদান আগবঢ়াই গৈছে । এইজনা একনিষ্ঠ ভাষা সাহিত্যৰ পূজাৰীয়ে ১৯৩৮ চনত ইহলীলা সম্বৰণ কৰে। তেখেতৰ মৃত্যূত অসমৰ যি ক্ষতি হ’ল সি অপুৰণীয় । শেষত তেখেতৰ ভাষাৰে কওঁ
“বাজক ডবা, বাজক শঙ্খ, বাজক মৃদং খোল।
অসম আকৌ উন্নতি পথত জয় আই অসম বোল।”
My Favourite Writer in Assamese: A comprehensive essay on their achievements, famous works, and influence on Assamese literature. Lakshminath Bezbaruah essay in assamese
For More details check our Youtube Channel Assam Board Exam
Find the list of Essays : Click Here