Assam Board Exam

অসমৰ প্রাকৃতিক দুর্যোগ | Assamese Essay on Natural Disaster of Assam

অসমীয়া ৰচনা – অসমৰ প্রাকৃতিক দুর্যোগ – বানপানী, ভূমিকম্প , ধুমুহা সম্পৰ্কে বিস্তৃত আলোচনা। Assamese Essay on Natural Disaster of Assam


 আৰম্ভণি:

প্রকৃতিজগতৰ বিভিন্ন উপাদানে মাজে সময়ে অস্বাভাবিক ৰূপ ধাৰণ কৰি তাণ্ডৱ বা ধ্বংস লীলা চলায়, তাকে প্রাকৃতিক দুর্যোগ বোলা হয়। প্রাকৃতিক দুর্যোগৰ পৰা পৃথিৱীৰ কোনো ঠাইয়ে মুক্ত নহয়। অসমৰ মুখ্য প্রাকৃতিক দুর্যোগ সমূহ হৈছে বানপানী, ভূমিকম্প, গৰা–খহনীয়া, ধুমুহা ইত্যাদি।


 বিৱৰণ:

অসমৰ প্রাকৃতিক দুর্যোগ সমূহৰ এটি চমু বিৱৰণ তলত দাঙি ধৰা হল

ক) বানপানী:

বানপানী অসমৰ প্রধান প্রাকৃতিক দুর্যোগ। প্রতি বছৰে বানপানীৰ ফলত অসমত বিস্তৰ ক্ষতি হয়। মানুহ আৰু জীৱজন্তৰ দুখ কোলাই-পাচিয়ে নধৰা হয়। খেতিৰ শষ্যৰ লগতে পোহনীয়া জীব-জন্তু, ঘৰ-দুৱাৰ আদি উটি-ভাঁহি যায়।

অসমৰ বানপানীৰ প্ৰধান কাৰণবোৰ হৈছে-

  • ব্ৰহ্মপুত্ৰৰ উৎপত্তি স্থলত বৰফগলা,
  • মৌচুমী বতাহৰ ফলত বাৰিষা কালত হোৱা ধাৰাসাৰ বৰষুণ,
  • চুবুৰীয়া পাহাৰীয়া ৰাজ্যসমূহৰ পৰা বৰষুণৰ পানী অসমৰ নদী -সমূহলৈ বাগৰি অহা,
  • নদী সমূহৰ ভূ-গর্ভ বাম হৈ অহা, আৰু
  • অপৰিকল্পিত বান্ধ, মথাউৰি ইত্যাদি।

খ) ভূমিকম্প:

বানপানীৰ দৰে ভূমিকম্পও অসমৰ এটি উল্লেখযোগ্য প্রাকৃতিক দুর্যোগ। অসমৰ ভৌগোলিক অৱস্থান আল্পচ্ হিমালয়ান ভূঁইকপ কেন্দ্রৰ অন্তর্গত। সেয়ে মাজে সময়ে ভূমিকম্পৰ জোকাৰণিয়ে অসমৰ জন-সাধাৰণ  ত্ৰাসিত কৰি আহিছে। ১৮৩০ চনৰ পৰা অসমত অসংখ্য ভূমিকম্পৰ জোকাৰণি হৈছে। তাৰ ভিতৰত প্ৰধানকৈ চৈধ্যটাসান ডাঙৰ ভূঁইকপ হৈছে। সেইকেইটাৰ ভিতৰত ১৮৯৭ আৰু ১৯৫০ চনত হোৱা-ভূঁইকপ দুটাই বিস্তৰ ক্ষতি সাধন কৰিছিল।


গ) গৰাখহনীয়া:

গৰাখহনীয়া অসমৰ এটা ভয়াবহ প্রাকৃতিক দুর্যোগ হিচাপে পৰিগণিত হৈছে। বানপানী, অপৰিকল্পিত আৰু অবৈজ্ঞানিক ভাবে সৃষ্টি কৰা নদীবান্ধ, মথাউৰি আৰু গছ-গছনিৰ পৰিমাণ কমি অহাৰ বাবে বছৰি বহু হেক্টৰ মাটি খহি নদীৰ বুকুত জাহ গৈছে। গৰা-খহনীয়াৰ বাবে অনেক লোক গৃহহীন হ’বলগীয়া হৈছে। নদীবোৰৰ বুকু অতিকৈ বাম হৈ পৰিছে, ফলত অলপ বৰষুণতে বাৰিষা বানপানীৰ সৃষ্টি হয়। খহনীয়াৰ ফলত বিশ্বৰ ভিতৰতে বৃহত্তম নদীদ্বীপ মাজুলীৰ মাটি কালি কমি আহিছে।


ঘ) ধুমুহা:

ওপৰত উল্লিখিত দুৰ্যোগ সমূহৰ উপৰিও অসমত প্রতি বছৰে ধুমুহাই তাণ্ডব চলায়। বহাগ বিহুৰ আগে-পিছে অহা ধুমুহা বা বৰদৈচিলাই প্রতি বছৰে অসমত বিস্তৰ ক্ষতি সাধন কৰে।


সামৰণি:

প্রাকৃতিক দুর্যোগ সমূহ প্রকৃতিৰ দ্বাৰা সৃষ্ট, তাত মানুহৰ হাত নাই। সেয়ে প্রকৃতিক দুর্যোগসমূহক ৰোধ কৰিব পৰা ক্ষমতা মানুহৰ নাই। তথাপিও বুদ্ধি আৰু কৌশলৰ বলেৰে এই দুর্যোগ সমূহক কিছু পৰিমাণে নিয়ন্ত্রণ কৰিব পৰা হয় আৰু দুৰ্যোগৰ সময়ত বিস্তৰ ক্ষয়-ক্ষতিৰ পৰিমাণ হ্রাস কৰিব পৰা হয়। এই ক্ষেত্ৰত চৰকাৰে উচিত পদক্ষেপ গ্রহণ কৰি জনসাধাৰণক সজাগ আৰু সচেতন কৰি ৰাখিব লাগে।


অসমীয়া ৰচনা – অসমৰ প্রাকৃতিক দুর্যোগ – বানপানী, ভূমিকম্প , ধুমুহা সম্পৰ্কে বিস্তৃত আলোচনা। Assamese Essay on Natural Disaster of Assam

For More details check our Youtube Channel Assam Board Exam

Find the list of Essays : Click Here

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment