Assam Board Exam

অসমৰ প্ৰাকৃতিক সম্পদ || অসমীয়া ৰচনা || Assamese Essay

অসমৰ প্ৰাকৃতিক সম্পদ || অসমীয়া ৰচনা || Assamese Essay || Assam Board Exam

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now
Natural Resources of Assam


আৰম্ভণি:       

প্ৰকৃতিৰ বুকুত মুক্ত ভাৱে পোৱা সম্পদ সমূহকে প্ৰাকৃতিক সম্পদ বোলে। এই প্ৰাকৃতিক সম্পদবোৰক আমি আমাৰ দৈনন্দিন জীৱনত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ব্যৱহাৰ কৰি আছো।

প্ৰাকৃতিক সম্পদৰ শ্ৰেণীবিভাগ:       

অসমৰ প্ৰাকৃতিক সম্পদৰাজিক চাৰিটা ভাগত ভগাব পাৰি। সেইবোৰ হ’ল- (ক) কৃষিজাত (খ) খনিজাত (গ) বনজাত আৰু (ঘ) জলজাত

(ক) কৃষিজাত সম্পদ:           

কৃষিজাত সামগ্ৰীৰ বাবে অসমৰ মাটি বৰ উপযোগী। আটাইকেইখন জিলাতে ধান, মাহ, সৰিয়হ আদি উৎপন্ন হয়। অসমৰ চাহ পৃথিৱী বিখ্যাত। অসমৰ আটাইকেইখন জিলাতে কম-বেছি পৰিমাণে মৰাপাট উৎপন্ন হয়। বিভিন্ন প্ৰকাৰৰ মচলা-পাতিৰ লগতে নানা ধৰণৰ শাক পাচলিও প্ৰচুৰ পৰিমাণে পোৱা যায়। তদুপৰি তামোল, নাৰিকল, আম, কঠাল, আনাৰস আদিৰ দৰে ফলো ভাৰতৰ নানা ঠাইলৈ ৰপ্তানি হয়।

(খ) খনিজাত সম্পদ:            

অসমৰ খনিজাত সম্পদবোৰৰ ভিতৰত খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল আদি বিশেষভাৱে উল্লেখযোগ্য। ভাৰতৰ ভিতৰত খাৰুৱাতেলৰ সম্পদত অসম প্ৰথম। ডিগবৈ, নাহৰকটীয়া, দুলীয়াজান আদি ঠাইত যথেষ্ঠ পৰিমাণে খাৰুৱাতেল পোৱা যায়। তদুপৰি মৰাণ আৰু নাহৰকটীয়া খনিৰ পৰা আহৰন কৰা প্ৰাকৃতিক গেছৰ পৰা ডিব্ৰুগড় জিলাৰ নামৰূপ আৰু গুৱাহাটীত বিজুলী শক্তি উৎপাদন কৰা হয়। অসমৰ মাৰ্ঘেৰিটা, মাকুম আদিত কয়লাৰ খনি আছে।

(গ) বনজাত সম্পদ:              

প্ৰচুৰ পৰিমানে বৰষুণ হোৱাৰ বাবে অসমৰ অনেক ঠাইত ডাঠ হাবি পোৱা যায়। সেইবোৰত শাল, চেগুণ, সোণাৰু, গমাৰি আদিৰ দৰে মূল্যৱান গছ পোৱা যায়। অসমৰ হাবিত বহুতো ঔষধি গছো পোৱা যায়। লা আৰু শালধূনা অসমৰ হাবিত পোৱা দুবিধ মূল্যৱান বস্তু। অসমৰ হাবিত নানা তৰহৰ পশু-পক্ষী চৰাই-চিৰিকটি পোৱা যায়। বৰ্তমান অসমত সাতখন ৰাষ্ট্ৰীয় উদ্যান আছে,  বিভিন্ন ধৰনৰ পশু-পক্ষী সংৰক্ষন কৰি ৰখা হৈছে। কাজিৰঙাৰ এশিঙিয়া গড়ঁ পৃথিৱী বিখ্যাত।

(ঘ) জলজাত সম্পদ:                        

ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ দুখন ডাঙৰ নদী। এই দুখনৰ অনেক উপনৈয়ে ৰাজ্যখনক জালৰ দৰে আগুৰি আছে। তদুপৰি অনেক বিলো ৰাজ্যখনৰ বিভিন্ন ঠাইত আছে। এই নদী আৰু বিলবোৰত মাছ, কাঁছ আদি প্ৰচুৰ পৰিমানে পোৱা যায়। মাছ-কাঁছ আদিৰ উপৰিও নৈ-বিল আদিও জলজাত সম্পদৰ ভিতৰত পৰে। বাৰিষাকালত এইবোৰৰ পানীয়ে পথাৰ ওপচাই পেলায়। সেই পানীয়ে পলসৰ দ্বাৰা সেইবোৰ সাৰুৱা কৰে।

লাভালাভ:      

প্ৰাকৃতিক সম্পদৰ দ্বাৰা চৰকাৰ আৰু ৰাইজ উভয়ে উপকৃত হৈছে। অসমৰ চাহ বিদেশলৈ ৰপ্তানি কৰা হয়। চাহৰ পৰা ভাৰত চৰকাৰে বৈদেশিক মুদ্ৰা অৰ্জন কৰে। প্ৰাকৃতিক সম্পদৰাজি আহৰন কৰা বাবে সেইবোৰৰ পৰা অনান্য বস্তু উৎপাদনৰ অৰ্থে ইয়াত নানা ধৰণৰ কল-কাৰখানা, উদ্যোগ আদি স্থাপিত হৈছে। সেইবোৰত কাম কৰিও হাজাৰ হাজাৰ লোকে পেট প্ৰৱৰ্তন কৰিব পাৰে। এইদৰে প্ৰাকৃতিক সম্পদে অসমৰ নিবনুৱা সমস্যা কিছু পৰিমাণে হ্ৰাস কৰিছে।

সামৰণি:         

সম্পদ থাকিলেই নহয়, সেইবোৰৰ যথোচিত ব্যৱহাৰ হ’ব লাগে। তেতিয়াহে সেইবোৰ সাৰ্থক হয়। কিন্তু অসম প্ৰাকৃতিক সম্পদসমূহৰ আটাইবোৰৰে যথোচিত ব্যৱহাৰ এতিয়ালৈকে কৰিব পৰা নাই। ৰাজ্যখনৰ অনেক ঠাইত খাৰুৱাতেল, কয়লা, সোণ আদি খনিজ পদাৰ্থ পোৱাৰ সম্ভাৱনা আছে। পিছে আটাইবিলাক আহৰণ কৰা ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। অসমৰ প্ৰাকৃতিক সম্পদৰ আলমত গঢ়ি উঠা অনেক উদ্যোগ এতিয়াও অসমৰ বাহিৰৰ পৰা অহা লোকৰ হাতত। সেইবোৰৰ পৰা যাতে অসমৰ থলুৱা লোকসকল অধিক পৰিমাণে উপকৃত হ’ব পাৰে, তাৰ বাবে অসম চৰকাৰ আৰু ৰাইজ উভয়ে সজাগ হোৱা উচিত।


For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

1 thought on “অসমৰ প্ৰাকৃতিক সম্পদ || অসমীয়া ৰচনা || Assamese Essay”

Leave a Comment