অসমীয়া ৰচনা – আধুনিক সমাজৰ ব্যাধি: অনুশাসনহীনতা – অনুশাসনহীনতাৰ সম্পৰ্কে বিস্তৃত আলোচনা | The Disease of Modern Society: Lack of Discipline Essay
সময়ৰ পৰিবৰ্তন আৰু সভ্যতাৰ ক্ৰমবিকাশৰ লগে লগে পৰিবর্তন হয় সমাজ ব্যবস্থাৰ। বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ অদ্ভুতপূর্ব উত্তৰণৰ ফলত সমাজ ব্যৱস্থাত আমূল পৰিবৰ্তনে দেখা দিছে। সেয়ে আজি বিশ্বায়নৰ যুগত পৰস্পৰাগত সমাজ ব্যৱস্থাত যি নতুনত্বৰ প্ৰভাৱ পৰিছে। সেয়ে আধুনিক সমাজ। সামাজিক ব্যাধিনো কি? আচলতে যিবোৰ কাৰকৰ বাবে সমাজ অশান্ত, অস্থিৰ আৰু বিশৃংখল হৈ পৰে; মানুহৰ জীৱনৰ গতিধাৰাত বাধাৰ সৃষ্টি কৰে; সেইবোৰেই হৈছে সামাজিক ব্যাধি। সমাজ হৈছে ব্যক্তিৰ সমষ্টি। সেয়ে সমাজ এখনক যদি এটা মানৱ শৰীৰৰ লগত তুলনা কৰা হয়, তেন্তে ইয়াৰ প্রতিজন ব্যক্তি হব সেই শৰীৰটোৰ অংগ প্রত্যংগ। শৰীৰটোৰ কোনো এটা অংগ ৰোগাক্রান্ত হ’লে যি দৰে গোটেই শৰীৰতে যন্ত্রণা অনুভূত হয়, একেদৰে সমাজৰ কোনো ব্যক্তি বিপথে গলে, কু-কর্মত লিপ্ত হ’লে তাৰ প্রভাৱ গোটেই সমাজখনতে পৰে। গতিকে সমাজখন ব্যাধিমুক্ত বা সুস্থ আৰু প্রগতিশীল হবলৈ হ’লে ইয়াৰ প্রতিজন ব্যক্তিয়েই হব লাগিব সৎ আৰু সুস্থ মানসিকতাৰ গৰাকী।আধুনিক সমাজ হৈ পৰিছে বন্ধনহীন, উন্মুক্ত সমাজ। সকলোৱে যেন বাধাহীন ভাবে স্ব-ইচ্ছাই নিজক হেৰুৱাই পেলাইছে ভোগবাদৰ লালসাত। মদ, ভাং, ড্রাগছ আদি নিচাযুক্ত সামগ্ৰীৰ অবাধ বেহা; হত্যা, লুণ্ঠন, ধর্ষণ, দুনীর্তি আদিয়ে সমাজ ছানি ধৰিছে। বৰ্বৰতাৰ সীমা চেৰাই মানুহ হৈ পৰিছে হিংসুক বন্যপ্রাণীৰ দৰে। মানুহেই মানুহৰ বাবে হৈ পৰিছে সন্ত্ৰাসৰ কাৰণ। কিশোৰ-কিশোৰী, যুৱক-যুবতী, পুৰুষ-নাৰী কোনো বাদ পৰি নোযোৱাকৈ লিপ্ত হৈছে অপৰাধ প্রৱণতাত। ভোগ বিলাস আৰু পশ্চিমীয়া সংস্কৃতিত মচগুল হৈ এচাম হৈ পৰিছে অত্যন্ত উচ্ছ্বংশল, দায়িত্বহীন আৰু বেপৰুৱা। এনে উচ্ছৃংশলতাই শিক্ষানুষ্ঠান, সাংস্কৃতিক – মঞ্চ, খেল-পথাৰ, চিনেমা গৃহ, পার্ক, ৰাজহুৱা সভা-সমিতি আদি সকলো ঠাইকে গ্রাস কৰি পেলাইছে। সমাজৰ এই অনিয়ন্ত্রিত অৱস্থাটো কৰ্কট ৰোগৰ দৰে দূৰাৰোগ্য ব্যাধি সদৃশ হৈ পৰিছে।ই সাম্প্রতিক কালৰ জটিল সামাজিক ব্যাধিৰ অনেক কাৰণ আছে যদিও ইয়াৰ মূল কাৰণ হৈছে অনুশাসনহীনতা। ‘অনুশাসন ‘শব্দটোৰ অৰ্থ ব্যাপক। আদেশ, আজ্ঞা, উপদেশ, বিধি বা নিয়ম আদি আটাইবোৰ দিশ সামৰি লয়। অনুশাসনে ব্যক্তিক সু-শৃংখলিত কৰি চৰিত্ৰবান হোৱাত সহায় কৰে। এই অনুশাসন প্রধানকৈ থাকিব লাগে নিজৰ ঘৰখনত আৰু পঢ়াশালীত। সততে কোৱা হয়- “ঘৰখনেই শিশুৰ শিক্ষাৰ কঠিয়াতলী। এটি শিশুৱে জন্ম হোৱাৰ পাছৰে পৰা প্ৰথমে নিজৰ পৰিয়ালৰ লোকসকলৰ সান্নিধ্য লাভ কৰে আৰু লাহে লাহে তেওঁলোকৰ কথা-বার্তা, আচাৰ-আচৰণ আদি অনুসৰণ কৰে। এক কথাত পৰিয়ালৰ মাজতে শিশুৰে জীৱনৰ আদি পাঠ শিকে। গতিকে ঘৰখনৰ সদস্য সকল যদি সংস্কাৰী, বিনয়ী, অধ্যৱসায়ী আৰু কর্মমুখী হয়, সেই ঘৰখনৰ শিশুও কালক্ৰমত তেনে ৰূপেই গঢ় লয়। গতিকে যি পৰিয়ালত অনুশাসন আছে, সংস্কাৰ আছে, তেনে পৰিয়ালত ডাঙৰ হোৱা শিশুৰ জীৱন সদায় সু-শৃংখল আৰু আদৰণীয় হয়। অনুশাসনৰ মেৰপাকৰ বাহিৰ হৈ কোনো শিশুৱেই বিপথে যাব নোৱাৰে বা যাবলৈ সাহস নকৰে।আধুনিক সমাজ ব্যৱস্থালৈ মন কৰিলে দেখা যায় অধিকাংশ পিতৃ-মাতৃয়ে সন্তানৰ প্রতি নিজৰ দায়িত্ব পালন নকৰে। কর্ম ব্যস্ততাৰ বাবেই হওক বা অন্য কাৰণতে হওক নিজ পিতৃ-মাতৃয়েও সন্তানক সময় দিয়াত অপাৰগ। তাৰ পৰিৱৰ্তে হাতত তুলি দিয়ে মোবাইল ফোনটো বা টি-ভিৰ ৰিম’টটো। এনেবোৰ অভিভাৱকে সন্তানক সুখী কৰিবলৈকে বিচৰামাত্ৰকে বস্তু হাতত তুলি দিয়ে। ফলত শিশু অৱস্থাৰ পৰাই ভোগবাদী আৰু অধ্যয়ন বিমুখ হোৱাত ইন্ধন যোগায়। তেনে শিশুৱেই পিছলৈ এক উচ্ছৃংখল জীৱন যাপন কৰে আৰু ক্রমান্বয়ে অপৰাধ জগতত প্রৱেশ কৰে। বহুতো পিতৃ-মাতৃয়ে অতিমাত্রা সন্তান প্রীতিৰ বাবে সন্তানক কেতিয়াও শাসন নকৰে। তেনে শিশুৱে যি মন যায় তাকে বিনা দ্বিধাই কৰি যায় আৰু এটা বয়সত নিয়ন্ত্রণৰ বাহিৰলৈ গুচি যায়। সাম্প্রতিক কালৰ শিক্ষানুষ্ঠান সমূহতো বিভিন্ন কাৰণত অনুশাসন ব্যৱস্থা প্রায় নোহোৱাৰ দৰে হৈছে। এতিয়া ‘চেকনিৰ আগত বিদ্যা” নাই, কঠোৰ অনুশাসনো নাই। ফলত ছাত্র-ছাত্রী সকলে স্বাধীন মনেৰে, স্ব-ইচ্ছাৰে নিজক পৰিচালিত কৰিছে। কিন্তু এইটো সত্য যে উচিত-অনুশাসনৰ মাজত ডাঙৰ হোৱা আৰু শিক্ষা গ্রহণ কৰা ল’ৰা-ছোৱালী কেতিয়াও বিপথে যাব নোৱাৰে। তেওঁলোকৰ মনত থাকে ভয়, আত্মসন্মান আৰু পৰিয়াল আৰু সমাজৰ প্রতি দায়বদ্ধতা।
সামৰণিত ক’ব লাগিব, এটি শিশুক এজন চৰিত্ৰবান আৰু সু-নাগৰিক ৰূপে গঢ়ি তুলিবৰ বাবে উচিত অনুশাসনৰ মাজত ৰাখি নৈতিক, আধ্যাত্মিক আদি সকলো দিশৰ জ্ঞানেৰে পৰিপুষ্ট কৰি তুলিবলৈ সকলো অভিভাৱক, শিক্ষক-শিক্ষয়িত্রী আৰু সমাজৰ বয়োজ্যেষ্ঠ সকল যত্নবান হোৱা উচিত। আজিৰ শিশু কাইলৈৰ নাগৰিক। গতিকে উচ্ছ্বংশল ছাত্র-ছাত্রীৰ পৰা দেশৰ মঙ্গল আশা কৰিব নোৱাৰি।
অসমীয়া ৰচনা – আধুনিক সমাজৰ ব্যাধি: অনুশাসনহীনতা – অনুশাসনহীনতাৰ সম্পৰ্কে বিস্তৃত আলোচনা | The Disease of Modern Society: Lack of Discipline Essay
For More details check our Youtube Channel Assam Board Exam
Find the list of Essays : Click Here